danewsplus.com
danewsplus.com

ছাফ ফুটবল চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় দল ঘোষণা

0 420

ডিজিটেল ডেস্কঃ ছাফ ফুটবল চেম্পিয়নশ্বিপৰ বাবে ২৩জনীয়া ভাৰতীয় দল ঘোষণা কৰিছে মুখ্য প্ৰশিক্ষক ইগ’ৰ ষ্টিমাকে৷ প্ৰতিযোগিতাখনত ভাৰতৰ লগতে বাংলাদেশ, নেপাল, শ্ৰীলংকা আৰু আয়োজক দেশ মালদ্বীপে ভাগ ল’ব৷

উল্লেখ্য় যে, অহা ৪ অক্টোবৰত বাংলাদেশৰ বিৰুদ্ধে ভাৰতে অভিযান আৰম্ভ কৰিব৷ ভাৰতে ৭ অক্টোবৰত শ্ৰীলংকাৰ বিৰুদ্ধে, ১০ অক্টোবৰত নেপালৰ বিৰুদ্ধে আৰু ১৩ অক্টোবৰত মালদ্বীপৰ বিৰুদ্ধে অবতীৰ্ণ হ’ব৷ ভাৰতীয় দলটো ক্ৰমে, গ’লৰক্ষক- গুৰপ্ৰিত সিং, অমৰিন্দৰ সিং আৰু বিশাল কাইথ৷ ডিফেণ্ডাৰ- প্ৰীতম কোটাল, চেৰিটন ফাৰ্ণাণ্ডেজ, চিংলেছানা সিং, ৰাহুল ভেকে, সুভাশিস বসু আৰু মাণ্ডাৰ ৰাও দেশাই৷ মিড ফিল্ডাৰ- উদান্ত সিং, ব্ৰেণ্ডন ফাৰ্ণাণ্ডেজ, লালেং মাৱেয়া, অনিৰুদ্ধ থাপা, চহল আব্দুল ছামাদ, জেকচন সিং, গ্লেন মাৰ্টিন্স, সুৰেশ সিং, লিষ্টন কলেক’, য়াচিৰ মহম্মদ আৰু ফৰৱাৰ্ড- মনবীৰ সিং, ৰহিম আলী, সুনীল ছেত্ৰী আৰু ফাৰুক চৌধুৰী৷

Leave A Reply

Your email address will not be published.