danewsplus.com
danewsplus.com

অৱশেষত ভাৰত কপোঁৱা নন্দিতা শইকীয়া হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল

0 315

ডিজিটেল ডেস্কঃ সোমবাৰে ধেমাজিৰ আদালতত ধেমাজি আৰক্ষীয়ে নন্দিতা শইকীয়া হত্যাকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ ৩৬ দিনৰ পিছত চাৰ্জশ্বিট দাখিল কৰে ৷ এই চাৰ্জশ্বিটত আছে হত্যাকাৰী ধেমাজি মৰিধল মহাবিদ্যালয়ৰ যুৱ কৰ্মচাৰী ৰিণ্টু শইকীয়াৰ বিৰুদ্ধে ১৫ গৰাকী সাক্ষীৰ সাক্ষ্য ৷

উল্লেখযোগ্য যে, যোৱা ২১ আগষ্টত দিন দুপৰতে ধেমাজি সদৰৰ মজিয়াত হত্যাকাৰী ৰিণ্টু শইকীয়াই ধেমাজি মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াক উপৰ্যুপৰি এখন চোকা দাৰে ঘপিয়াই গুৰুতৰভাৱে আঘাত কৰিছিল ৷ প্ৰায় মুমুৰ্ষু অৱস্হাত ধেমাজি অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি জৰুৰীভাৱে অতি সংকটজনক অৱস্হাত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল নন্দিতাক। আৰু অৱশেষত মৃত্যুৰ সৈতে যুঁজ দি ২৫ আগষ্টত মৃত্যুৰ শীতল কোলাত প্ৰতিভাৱান ছাত্ৰী নন্দিতা শইকীয়া ঢলি পৰে ৷ এই পাশৱিক ঘটনাই ধেমাজি জিলাৰ লগতে সমগ্ৰ অসমতে জোকাৰণি তোলাৰ বিপৰীতে বিভিন্ন দল সংগঠনে হত্যাকাৰীৰ উপযুক্ত শাস্তিৰ দাবীত আন্দোলনত জপিয়াই পৰিছিল ৷

Leave A Reply

Your email address will not be published.