danewsplus.com
danewsplus.com

জামুগুৰিহাটৰ ৰাজপথত ভয়ংকৰ পথ দুৰ্ঘটনা

0 587

ডিজিটেল ডেস্কঃ জামুগুৰিহাটৰ কুসুমটোলাৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হয়। কুসুমটোলাৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ দ্বাদশ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনা।

তেজপুৰৰ পৰা বিশ্বনাথ চাৰিআলি অভিমুখে আহি থকা এখন ট্ৰাকৰ লগত বিপৰীত দিশৰ পৰা গৈ থকাএখন বালি কঢ়িওৱা ডাম্পাৰে মুখামুখিকৈ খুণ্ডা মৰাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত ডাম্পাৰখনৰ চালক চনেন বড়ো(২৯)থিতাতে নিহত হোৱাৰ বিপৰীতে পহ্লাদ চুনি আৰু আকৰ তেলী নামৰ আন দুজন যুৱক গুৰুতৰভাৱে আহত হয়। আহত দুজনক উত্তৰ জামুগুৰি চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাছত উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হয়।

Leave A Reply

Your email address will not be published.