danewsplus.com
danewsplus.com

ৰাজ্যসভাৰ সাংসদ হোৱাৰ পথ মুকলি সুস্মিতা দেৱৰ, বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ সম্ভাৱনা

0 536

ডিজিটেল ডেক্সঃ ৰাজ্যসভাৰ সাংসদ হোৱাৰ পথ মুকলি হ’ল সুস্মিতা দেৱৰ ৷ বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ তেওঁ নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে ৷ পশ্চিমবংগ বিজেপিয়ে এই নিৰ্বাচনত প্ৰাৰ্থিত্ব নিদিয়াত বাঢ়িছে এই সম্ভাৱনা ৷

তৃণমূল কংগ্ৰেছে ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব দিছিল কংগ্ৰেছ এৰি তৃণমূলত যোগ দিয়া সুস্মিতা দেৱক ৷ সুস্মিতা দেৱে ইয়াৰ বাবে ধন্যবাদ জনাইছে তৃণমূল নেত্ৰী মমতা বেনাৰ্জী আৰু সাংসদ অভিষেক বেনাৰ্জীক ৷ অৱশ্যে সুস্মিতা দেৱে কয় যে ত্ৰিপুৰাৰ ওপৰতহে তেওঁৰ অধিক গুৰুত্ব দিব ৷

Leave A Reply

Your email address will not be published.