danewsplus.com
danewsplus.com

ধেমাজিত পৰীক্ষা দিবলৈ গৈ ৰঙাঘৰৰ আলহী হ’ল পৰীক্ষাৰ্থী!

0 449

ডিজিটেল ডেস্কঃ ধেমাজিত দেওবাৰে অনুষ্ঠিত হোৱা ডি.এল.এড পৰীক্ষাৰ এটা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিবলৈ গৈ ধৰা পৰিল এজন ভুৱা পৰীক্ষাৰ্থী। ৰাজ্যত অনুষ্ঠিত হোৱা প্ৰাথমিক শিক্ষাৰ ডিপ্ল’মা অৰ্থাৎ ডি.এল.এড পৰীক্ষা দিবলৈ গৈ ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ কেন্দ্ৰত ধৰা পৰে ভুৱা পৰীক্ষাৰ্থীগৰাকী ৷

কটকটীয়া প্ৰশাসনিক ব্যৱস্থাৰে অনুষ্ঠিত কৰা সত্ত্বেও প্ৰশাসনৰ চকুত ধুলি মাৰি পৰীক্ষা গৃহত প্ৰৱেশ কৰে ভুৱা পৰীক্ষাৰ্থীগৰাকী ৷ পিছে পৰীক্ষা নিৰীক্ষকৰ হাতত ধৰা পৰে ভুৱা পৰীক্ষাৰ্থীগৰাকী ৷

ধেমাজি জিলাৰ জোনাইৰ বাসিন্দা জয়প্ৰকাশ পাইট নামৰ পৰীক্ষাৰ্থী জনৰ পৰিৱৰ্তে পৰীক্ষাত বহিছিল নৰেন পাইট নামৰ ভুৱা পৰীক্ষাৰ্থীজন ৷ যুৱকজন পৰীক্ষাত বহাৰ পিছত নিৰীক্ষকৰ জৰিয়তে স্বাক্ষৰ লোৱাৰ সময়ত ধৰা পৰে এই ঘটনা।

পৰীক্ষা অনুষ্ঠিত হোৱাৰ ১৫ মিনিটৰ পিছত ধৰা পৰে ভুৱা পৰীক্ষাৰ্থী যুৱক জন । আচল পৰীক্ষাৰ্থীজন পৰীক্ষা গৃহত ১৫ মিনিটৰ পিছত উপস্থিত হোৱাৰ পাছত ভুৱা পৰীক্ষাৰ্থীজন বাহিৰলৈ ওলাবলৈ লওঁতেই নিৰীক্ষকৰ চকুত ধৰা পৰে। তাৰ পাছত দুয়োজন যুৱকক মহাবিদ্যালয় খনৰ অধ্যক্ষৰ সহযোগত প্ৰশাসনৰ হাতত গতাই দিয়া হয়।

Leave A Reply

Your email address will not be published.