danewsplus.com
danewsplus.com

হৃদৰোগত আক্ৰান্ত হৈ জ্যেষ্ঠ অধিবক্তা নিলয় দত্তৰ মৃত্য়ু

0 405

ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নিলয় দত্তৰ দেহাৱসান ৷ কৰ্ণাটকৰ কুৰ্গত নিশা ২.৩০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে অধিবক্তা গৰাকীয়ে ৷ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় জ্যেষ্ঠ অধিবক্তাগৰাকীৰ ৷

উল্লেখ্য় যে, পৰিয়ালসহ বিবাহ বাৰ্ষিকী উদযাপনৰ বাবে কুৰ্গলৈ গৈছিল দত্ত৷ দত্তৰ মৃত্যুত অসমৰ আইন জগতত বৃহৎ ক্ষতি ৷ জ্যেষ্ঠ অধিবক্তাগৰাকী ক্ৰীড়া জগতৰ সৈতেও আছিল সম্পৰ্ক ৷ ক্ৰিকেট প্ৰশাসক আৰু আম্পায়াৰ আছিল তেওঁ ৷ ১৯৯০ চনৰ এখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচৰ আম্পায়াৰ আছিল দত্ত ৷ লগতে ২০১৩ৰ IPL কেলেংকাৰিৰ অনুসন্ধান কমিটীৰ সদস্যও আছিল জ্যেষ্ঠ অধিবক্তাগৰাকী ।

Leave A Reply

Your email address will not be published.