danewsplus.com
danewsplus.com

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়ীদিহিং নৈত উদ্ধাৰ মৃত হাতী

0 203

ডিজিটেল ডেস্কঃ নাহৰকটীয়াৰ জয়পুৰস্থিত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি বৈ যোৱা বুঢ়ীদিহিং নৈত শনিবাৰে উদ্ধাৰ হয় এটা মৃত হাতী। এই মৃত হাতীটো উদ্ধাৰ কৰে জয়পুৰৰ বন বিভাগে। খবৰ অনুসৰি শনিবাৰে পুৱা স্থানীয় কেইজনমান যুৱকে জয়পুৰ নগাঘাট অঞ্চলত মৃত হাতীটো বুঢ়ীদিহিং নৈত উপঙি থকা প্ৰত্যক্ষ কৰি জয়পুৰ বন বিভাগক খবৰ দিয়ে। ঘটনাস্থলীত বনকৰ্মীৰ দল উপস্থিত হৈ মৃত হাতীটো উদ্ধাৰ কৰে।

ইফালে চিকিৎসকৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ হাতীটোৰ মৰোণোত্তৰ পৰীক্ষাৰ কাম কাজ আৰম্ভ কৰে যদিও হাতীটোৰ দেহত কোনোধৰণৰ আঘাতৰ চিন নথকাত ওখ পাহাৰৰ পৰা পিছলি নৈত পৰি শিলত আঘাতপ্ৰাপ্ত হৈ হাতীটো মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে। বন বিভাগে এই মতা হাতীটোৰ বয়স আনুমানিক ১২-১৫ বছৰ হব বুলি মন্তব্য় প্ৰকাশ কৰিছে।

উল্লেখ্য যে, প্ৰায় ৮ মাহ পূৰ্বে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ হোৱা এটা মৃত হাতীৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত ভয়াৱহ এনথ্ৰাক্স ৰোগত আক্ৰান্ত হৈ হাতীটোৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছিল। এতিয়া পুনৰ এনেদৰে বনাঞ্চল খনত মৃত হাতী উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Leave A Reply

Your email address will not be published.