danewsplus.com
danewsplus.com

ধনশিৰিত অনাথ শিশুৰ মাজত প্ৰধানমন্ত্ৰীৰ জন্মদিন পালন

0 102

ডিজিটেল ডেস্কঃ কাৰ্বি আংলঙৰ ধনশিৰিৰ Mission Concern, A home for children নামৰ অনাথ আশ্ৰমত ব্যতিক্ৰমভাৱে পালন কৰা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭১ সংখ্যক জন্ম দিন। ৰাজ্যিক বিজেপিৰ ST মৰ্চাৰ উদ্যোগত অনাথ আশ্ৰমখনত জন্মদিনৰ কেক কাটি প্ৰধানমন্ত্ৰীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে অনাথ শিশুসকলে।

এই উপলক্ষে অনাথ শিশুসকলৰ মাজত বিভিন্ন উপহাৰ বিতৰণ কৰে ST মৰ্চাই। অনুষ্ঠানটিত ST মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদিকা তিলোত্তমা হাষ্ণু, সম্পাদক লংছিং টকবী আদিয়ে অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.