danewsplus.com
danewsplus.com

অসম আৰক্ষীত চাকৰি লাভৰ লক্ষ্যৰে দৌলাশালত শতাধিক যুৱক-যুৱতীৰ কঠোৰ অনুশীলন

0 317

ডিজিটেল ডেস্কঃ অসম আৰক্ষীত সেৱা কৰাৰ মনোভাবেৰে নলবাৰীৰ দৌলাশালত শতাধিক যুৱক-যুৱতী ব্যস্ত হৈ পৰিছে কঠোৰ অনুশীলত ৷ দৌলাশাল ৰাইজৰ উদ্যোগত আৰু জণকল্যান ট্ৰাষ্ট দৌলাশাল শাখাৰ সহযোগত দৌলাশাল হাইস্কুল খেল পথাৰত বৰক্ষেত্ৰীৰ বিভিন্ন প্ৰান্তৰ শতাধিক যুৱক-যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰিছে অসম আৰক্ষীৰ দুজনকৈ জোৱানে ৷

চতুৰ্দ্দশ অসম আৰক্ষী বাহিনীৰ জোৱান ৰামৰাজ আৰু ধৰ্মেন্দ্ৰ প্ৰধানে যুৱক-যুৱতী সকলক দিছে শাৰিৰীক প্ৰশিক্ষণ ৷
বৰক্ষেত্ৰী সমষ্টিৰ দৌলাশাল,ৰামপুৰ,দমদমা, বৰতলা,চান্দা, জয়সাগৰ, লাউপাৰা,চতেমাৰী ইত্যাদি অঞ্চলৰ অসম আৰক্ষীত চাকৰি প্ৰত্যাশী যুৱক-যুৱতী সকলে দৌলাশাল হাইস্কুল খেল পথাৰত পুৱাৰে পৰা কঠোৰ অনুশীলত ব্যস্ত হৈ পৰিছে ৷
অসম আৰক্ষী জিন্দাবাদ, ভাৰত মাতা কি জয় ধ্বনিৰে যুৱক-যুৱতী সকলে অনুশীলনত ব্যস্ত হোৱা দেখিবলৈ পোৱা গৈছে ৷

অসম আৰক্ষীত যোগদান কৰি দেশ-মাতৃৰ হকে সেৱা কৰাৰ সপোন পুহি ৰখা যুৱক-যুৱতী সকলে প্ৰতিদিনাই এতিয়া এনেদৰে পুৱা-গধুলি কঠোৰ অনুশীলন কৰি গৈছে।

Leave A Reply

Your email address will not be published.