danewsplus.com
danewsplus.com

‘ভূমি সম্পৰ্কীয় কোনো ক্ষেত্ৰত ধনৰ লেন-দেন সহ্য কৰা নহ’ব’: উপায়ুক্ত বিশ্বজিৎ পেগু

0 611

ডিজিটেল ডেস্কঃ ভূমি সম্পৰ্কীয় কৰ্মশালা উপায়ুক্তৰ কাৰ্যালয়ত। অহা ২ অক্টোবৰত মুখ্যমন্ত্ৰীয়ে উদ্ধোধন কৰিবলগীয়া ‘মিছন বসুন্ধৰা’ আঁচনিলৈ মাজত মাথো কেইদিনমান বাকী । তেনে অৱস্থাত ভূমি সম্পৰ্কীয় বিভিন্ন আবেদন যাতে সমাধা কৰিব পৰা যায় আৰু এইক্ষেত্ৰত কোনোধৰণৰ আসোঁৱাহ নাথাকে, সেই উদ্দেশ্য আগত ৰাখি কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত মঙ্গলবাৰে ভূমি সম্পৰ্কীয় এখন কৰ্মশালা অনুষ্ঠিত কৰা হয়।

জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে মুকলি কৰা এই কৰ্মশালাত জিলাখনৰ সকলো অতিৰিক্ত উপায়ুক্ত, মহকুমাধিপতি (সদৰ), চক্ৰ বিষয়াৰ উপৰি কাননগো, লাট মণ্ডল, পাচোটা ৰাজহ চক্ৰৰে বিষয়া-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে।

কৰ্মশালাখন মুকলি কৰি জিলা উপায়ুক্ত গৰাকীয়ে ভূমি হস্তান্তৰকৰণ, বেচা-কিনা পঞ্জীয়ণ কৰা আদিৰ লগত কোনো ধৰণৰ ধনৰ লেন-দেন নকৰিবলৈ কঠোৰভাৱে এইক্ষেত্ৰত জড়িত বিষয়া-কৰ্মচাৰীসকলক সকিয়াই দিয়ে। ‘এতিয়াৰে পৰা আপোনালোকে জনসাধাৰণৰ হিতৰ বাবে কাম কৰাৰ বাবে পণ লওক। মনত যদি বেয়া অভ্যাসে ঠাই পাইছিল, দলিয়াই পেলাওক, আগৰ হিচাপ নিকাচ পাহৰি যাওক । মাটি বেচা-কিনা, পঞ্জীয়ণ আদিৰ ক্ষেত্ৰত ধনৰ লেন-দেনৰ কোনো অভিযোগ প্ৰমাণিত হ’লে কোনো ক্ষেত্ৰতে সহ্য কৰা নহ’ব’ – এনেধৰে উপায়ুক্ত গৰাকীয়ে সকিয়াই দিয়ে বিষয়া-কৰ্মচাৰীসকলক।

Leave A Reply

Your email address will not be published.