danewsplus.com
danewsplus.com

এতিয়াৰে পৰা গুৱাহাটীত মোবাইল ভেনৰ জৰিয়তে উপলদ্ধ হ’ব গাহৰিৰ মাংস

0 258

ডিজিটেল ডেক্সঃ গুৱাহাটীবাসীৰ বাবে সুখবৰ। এতিয়াৰে পৰা গুৱাহাটীত মোবাইল ভেনৰ জৰিয়তে উপলদ্ধ হ’ব গাহৰিৰ মাংস। বৈজ্ঞানিক পদ্ধতিৰে গ্ৰাহকে পাব সতেজ আৰু হাইজিন গাহৰি মাংস।

উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলত Pork on wheels ব্যৱস্থা গ্ৰহণ কৰিছে। ৯ খন বিশেষ বাহনেৰে যোগান ধৰিব থলুৱা গাহৰিৰ মাংস। এই প্ৰচেষ্টা Duarah’s Bacon ৰ।

ইফালে, Duarah’s Bacon ৰ শুভাৰম্ভণি কৰে মন্ত্ৰী অতুল বৰাই। বাহন কেইখনে হাইজিনিক গাহৰি মাংস লৈ মঙ্গলবাৰৰ পৰা ঘূৰিব গুৱাহাটীৰ বিভিন্ন স্থানত। গ্ৰাহকৰ ভাল সহাৰি পালে ঘৰে ঘৰে গাহৰি মাংস যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰো সম্ভাৱনা আছে।

Leave A Reply

Your email address will not be published.