danewsplus.com
danewsplus.com

ৰাজ্যজুৰি জাতীয় পৰিষদৰ জাতীয় গৰ্জন কাৰ্যসূচী

0 163

ডিজিটেল ডেস্কঃ পাঁচ নং দফা হৈছে অসম চুক্তিৰ আত্মা ৷ আত্মাক হত্যা কৰি চুক্তি ৰূপায়ন কৰিম বুলি কোৱাটো এটা প্ৰতাৰণা৷ এনে প্ৰতাৰণা মানি লোৱা নহয়৷’ – মূলতঃ এই বক্তব্যৰে ৰাজপথলৈ ওলাই আহিছে অসম জাতীয় পৰিষদ দল৷ নৱগঠিত ৰাজনৈতিক দলটোয়ে আজি অসম চুক্তিৰ পাঁচ আৰু ছয় নম্বৰ দফা কাৰ্যকৰী কৰা আৰু অসমত কা’ বলৱৎ নকৰাৰ দাবীৰে ৰাজ্যজুৰি ‘জাতীয় গৰ্জন’ কাৰ্যসূচী পালন কৰে৷

ৰাজ্যৰ প্ৰায় আটাইকেইখন জিলাৰ সদৰত দলৰ নেতা-কৰ্মীসকলে সমবেত হৈ ‘অসম চুক্তিৰ ৫ আৰু ৬নং দফা কাৰ্যকৰী কৰক’, ‘অসম চুক্তিৰ আত্মাক হত্যা নকৰিব’, ‘অসম চুক্তিৰ ৬নং দফাৰ আধাৰত খিলঞ্জীয়া লোকক সাংবিধানিক ৰক্ষাকৱচ প্ৰদান কৰক’, ‘অসমত কা প্ৰৱৰ্তন নকৰিব’ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷

উল্লেখযোগ্য যে কা’-বিৰোধী আন্দোলনৰ সময়ত অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপি নেতাসকলে অসম চুক্তিক অপ্ৰাসংগিক বুলি মত প্ৰকাশ কৰিছিল৷ কিন্তু চৰকাৰ গঠনৰ পিছত অসম চুক্তি ৰূপায়নৰ নামত এলানি সভা-সমিতি পাতি চুক্তিখনৰ ৫ আৰু ৬নং দফাক বাদ দি বাকী দফাসমূহত উল্লেখিত কিছুমান কম গুৰুত্বপূৰ্ণ কাম কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে৷ অথচ উক্ত দুয়োটা দফাত উল্লেখিত বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণ তথা অসমীয়া মানুহক সাংবিধানিক ৰক্ষাকৱচ দিয়াৰ বিষয়টো চৰকাৰে স্পষ্টভাৱে উপেক্ষা কৰিছে৷

Leave A Reply

Your email address will not be published.