danewsplus.com
danewsplus.com

ৰূপহীহাটত ভেকচিন প্ৰদানৰ নামত স্বাস্থ্য কৰ্মীৰ আজৱ কাণ্ড

0 437


ডিজিটেল ডেস্কঃ ৰূপহীহাটত ভেকচিন প্ৰদানৰ নামত স্বাস্থ্য কৰ্মীৰ আজৱ কাণ্ড। এজন ব্যক্তিক এটা ড’জ ভেকচিন প্ৰদান কৰাৰ পৰিৱৰ্তে একমিনিটৰ ব্যৱধানত কাণ্ডজ্ঞানহীন ভাৱে প্ৰদান কৰিলে দুটাকৈ ভেকচিনৰ ড’জ। এই ঘটনা সংঘটিত হৈছে ৰূপহী হাটৰ ৩৩২ নং ৰৌমাৰি বালিকা মোক্তাৱ বিদ্যালয়ত।

আব্দুল খালেক নামৰ এজন ষাঠি উৰ্দ্ধৰ ব্যক্তিক স্বাস্থ্য কৰ্মীয়ে এটা ড’জ ভেকচিন প্ৰদান কৰাৰ পাছত পুনৰ আন এগৰাকী স্বাস্থ্য কৰ্মীয়ে কাণ্ড জ্ঞানহীন ভাৱে কোনো সোধ-পোছ নকৰাকৈ পুনৰ প্ৰদান কৰে কভিড ভেকচিনৰ ড’জ। কৰ্তৱ্যৰত স্বাস্থ্য কৰ্মীৰ গাফিলতিৰ বাবে এনে আজৱ কাণ্ড সংঘটিত হ’য় ভেকচিন কেন্দ্ৰটোত।

ৰূপহীহাটত স্বাস্থ্য় কৰ্মীৰ এনে আজৱ কাণ্ডই এতিয়া সাধাৰণ লোকৰ মাজত তীব্ৰ চাঞ্চল্য়ৰ সৃষ্টি কৰিছে।

Leave A Reply

Your email address will not be published.