danewsplus.com
danewsplus.com

অশ্লীল প্ৰস্তাৱ গ্ৰহণ নকৰাৰ বাবে শ্বাহজামালে আক্ৰমণ কৰিলে মহিলাক

0 630

ডিজিটেল ডেস্কঃ বঙাইগাঁৱৰ বিজনীত পৰকীয় প্ৰেমৰ কৰুণ পৰিণতি৷ বিবাহিত হোৱা সত্ত্বেও ঘৰৰ কাষৰে এগৰাকী মহিলাক অশ্লীল প্ৰস্তাৱ শ্বাহজামাল আলী নামৰ এজন লোকৰ৷ প্ৰস্তাৱ গ্ৰহণ নকৰাত শ্বাহজামাল আলীয়ে চোকা অস্ত্ৰৰে আক্ৰমণ চলায় মহিলাগৰাকীৰ পৰিয়ালৰ লোকক৷ লম্পট শ্বাহজামালে মহিলাগৰাকীৰ স্বামীৰ লগতে তেওঁৰ কন্যা আৰু পুত্ৰ সন্তানকো আক্ৰমণ কৰে৷ ইয়াতে ক্ষান্ত নাথাকি লম্পট শ্বাহজামাল আৰু তেওঁৰ সাংগো-পাংগোৱে মহিলাগৰাকীৰ স্বামীক আক্ৰমণ কৰি নদীত পেলাই দিয়াৰো অভিযোগ৷

চোকা অস্ত্ৰৰ আঘাতত গুৰুতৰভাৱে আহত হোৱা পুত্ৰ, কন্যা আৰু মহিলাগৰাকীক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত৷ ইফালে, নিশা নদীত পেলাই থোৱা অৱস্থাত নদীখনত মাছ মাৰিবলৈ যোৱা মাছুৱৈয়ে উদ্ধাৰ কৰে মহিলাগৰাকীৰ স্বামীক৷ সমগ্ৰ ঘটনাক লৈ বিজনীত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য৷

Leave A Reply

Your email address will not be published.