danewsplus.com
danewsplus.com

বিধায়কক লগ কৰি উভতি যোৱাৰ পথত দুৰ্ঘটনাত নিহত ৫

0 638

ডিজিটেল ডেস্কঃ কামৰূপ জিলাৰ বিহদিয়াত নিশা এম্বুলেন্স আৰু টেম্পৰ মাজত সংঘৰ্ষ । দুৰ্ঘটনাত থিতাতে নিহত হয় দুগৰাকী মহিলা। গুৰুতৰ ভাবে আহত সাত গৰাকী যাত্ৰী। আহত হয় এম্বুলেন্সৰ চালক, কৰ্মচাৰীও।

উল্লেখ্য় যে, প্ৰায় ১০ জনীয়া এটা দলে কমলপুৰৰ বিধায়ক দিগন্ত কলিতাক সামাজিক কামত লগ কৰি উভতি যোৱাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি সুৰাসক্ত অবস্থাত আছিল দুৰ্ঘটনাত পতিত হোৱা এম্বুলেন্সৰ চালকজন। আৰু এই অভিযোগৰ ভিত্তিত ইতিমধ্য়ে বিধায়ক দিগন্ত কলিতাই তদন্ত ঘোষণা কৰিছে।

উল্লেখ্য যে, যোৱা নিশা থিতাতে মৃত্যু হোৱা দুই গৰাকী মহিলা ক্ৰমে বিমলা বড়ো আৰু বিলাশ্ৰী বড়োৰ পিছত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় উত্তম ৰাজবংশী, বগীবালা বড়ো আৰু তুফান বড়োৰ। আনহাতে গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হৈ এতিয়াও চিকিৎসাধীন হৈ আছে তপেশ্বৰী বড়ো, বাহী ৰাম বড়ো,পদুমী বড়ো,ৰুটিবুলি বড়ো,বৃহস্পতি বড়ো আৰু ফুলেশ্বৰ বৰ্মণ।

Leave A Reply

Your email address will not be published.