danewsplus.com
danewsplus.com

মহিলাসকল মন্ত্ৰী হ’ব নোৱাৰে, তেওঁলোকে সন্তান জন্ম দিব লাগে: তালিবান

0 284

ডিজিটেল ডেস্ক: তালিবান শাসনৰ অধীনত আফগানিস্তানত মহিলাসকলক চৰকাৰী কাম-কাজত অন্তৰ্ভুক্ত কৰাৰ সকলো সম্ভাৱনা অস্বীকাৰ কৰিলে বিদ্ৰোহী সংঠনটোৰ এজন মুখপাত্ৰই। বৃহস্পতিবাৰে তেওঁ কয় যে মহিলাসকল কেৱল সন্তান জন্ম দিয়াত নিজকে সীমাবদ্ধ কৰি ৰাখিব লাগে। মহিলাসকলক মন্ত্ৰী হিচাপে মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিব নালাগে বুলিও মন্তব্য তালিবানী মুখপাত্ৰজনৰ।

যি সময়ত তালিবানী শাসনৰ বিৰুদ্ধে বহুসংখ্যক আফগান মহিলাই নিজৰ জীৱনক বিপদাপন্ন কৰি বিদ্ৰোহী গোটটোৰ শাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিছে, তেনে সময়তে মহিলাসকলক তুচ্ছ জ্ঞান কৰি কেৱল সন্তান জন্ম দিব লাগে বুলি মন্তব্য তালিবানৰ মুখপাত্ৰৰ ।

আফগানিস্তানৰ তালিবানী শাসনৰ ওপৰত হোৱা প্ৰতিবাদ আৰু ক্ষোভৰ সঁহাৰি দি তালিবানৰ মুখপাত্ৰ চৈয়দ জেকবুল্লাহ হাছিমীয়ে টোলো নিউজক দিয়া এক সাক্ষাৎকাৰত কয় যে মহিলাসকল মন্ত্ৰী হ’ব নোৱাৰে। তেওঁ কয়, এইটো এনেকুৱা বস্তু যেন আপুনি তাইৰ ডিঙিত কিবা এটা ওলমাই দিছে যিটো তাই কঢ়িয়াব নোৱাৰে।

Leave A Reply

Your email address will not be published.