danewsplus.com
danewsplus.com

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক জবাবদিহি কৰিলে পৰিমিতা দাসৰ আত্মীয়ই

0 388

ডিজিটেল ডেস্কঃ নিমাতীঘাটৰ শোকাৱহ নাও দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ৰঙাচাহী মহাবিদ্যালয়ৰ সহকাৰী প্ৰৱক্তা পৰিমিতা দাসৰ বাসগৃহত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ পৰিমিতা দাসৰ কাহিলিপাৰাৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷ সৰ্বানন্দ সোণোৱালক শোকাকুল নয়নেৰে পৰিমিতাৰ পৰিয়ালবৰ্গই বৰ্ণনা কৰে পৰিমিতাৰ মাজুলীৰ প্ৰতি থকা ভালপোৱাক৷

পৰিমিতাৰ Whatsapp statusত তেওঁ লিখি থৈ যোৱা মাজুলীৰ বৰ্ণনা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক কান্দোনৰত অৱস্থাত পঢ়ি শুনাই পৰিমিতাৰ ভগ্নীয়ে৷ আনহাতে কাহিলিপাৰাৰ বাসগৃহতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ জৱাবদিহি কৰে পৰিমিতাৰ পৰিয়ালবৰ্গই৷ পূৰ্বতে চলি থকা ৰ’ ৰ’ জাহাজ সেৱা বৰ্তমান কিয় বন্ধ কৰি দিয়া হ’ল, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীলৈ এই প্ৰশ্ন পৰিমিতাৰ মাতৃৰ৷ এক শোকস্তব্ধ পৰিৱেশৰ মাজত সৰ্বানন্দ সোণোৱালক জৱাবদিহি কৰিলে পৰিমিতাৰ পৰিয়ালে৷

Leave A Reply

Your email address will not be published.