danewsplus.com
danewsplus.com

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি

0 335

ডিজিটেল ডেস্কঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৩ সংখ্যক তিৰোভাৱ তিথিত ৰাজ্যজুৰি সত্ৰ-নামঘৰত ব্যাপক আয়োজন কৰা দেখিবলৈ পোৱা গৈছে। নাম-প্ৰসংগৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্ত।

নগাঁও বৰদোৱাৰ আলিপুখুৰী গাঁৱত ১৪৪৯ চনত জন্মগ্ৰহণ কৰা মহাপুৰুষ গৰাকী একাধাৰে এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, সুগায়ক, অভিনেতা, কবি, চিত্ৰকৰ আছিল।

উল্লেখ্য যে, অসমীয়া জাতিৰ সাহিত্য-সংস্কৃতি নিৰ্মাতা আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। তেওঁ সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণৱ ধৰ্ম অথবা একশৰণ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত আৰু সংহত কৰিছিল। মহাপুৰুষজনাই অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে।

১৫৬৮ চনত কোচবিহাৰৰ মধুপুৰ সত্ৰত ইহলীলা সম্বৰণ কৰা মহাপুৰুষ গৰাকীয়ে অসমীয়া জাতিৰ
সাহিত্য-সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈ গ’ল।

Leave A Reply

Your email address will not be published.