danewsplus.com
danewsplus.com

হেলিকপ্টাৰৰ সহায়েৰে জৰীপ কৰা হ’ব অসমৰ মাটি

0 171

ডিজিটেল ডেস্কঃ ৰাজ্যত শীঘ্ৰে আৰম্ভ হ’ব ভূমি জৰীপ। হেলিকপ্টাৰৰ সহায়ত অত্যাধুনিক পদ্ধতিৰে কৰা হ’ব মেপিং। ব্যৱহাৰ কৰা হ’ব অত্যাধুনিক থ্ৰী ডি লিডাৰ প্ৰযুক্তি। দেওবাৰে নতুন দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ‘ৱেবকেছৰ’ এক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকৰ পিছত এই সিদ্ধান্তৰ কথা সদৰী কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ্য যে, দেশৰ ভিতৰত অসমত প্ৰথমবাৰৰ বাবে থ্ৰী ডি লিডাৰ প্ৰযুক্তিৰে ভূমি জৰীপ চলোৱাৰ সিদ্ধান্ত লোৱা হৈছে। আকাশ মাৰ্গৰ পৰা হেলিকপ্টাৰৰ সহযোগত অত্যাধুনিক চফ্টৱেৰ ব্যৱহাৰ কৰি এই জৰীপ চলোৱা হ’ব।

ৰাজ্যৰ বিভিন্ন ঠাইত থকা বনভূমি, জলাশয় আদিৰ মেপিং কৰা হ’ব এই জৰীপৰ জৰিয়তে। এই প্ৰযুক্তিৰ সহায়ত সম্পূৰ্ণ ডিজিটেলাইজ কৰা হ’ব ৰাজ্যৰ ভূমি ৰেকৰ্ড।

Leave A Reply

Your email address will not be published.