danewsplus.com
danewsplus.com

এইবাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে হাজোৰ মনাহকুছিৰ যুৱতী কৰিনা পাটোৱাৰীয়ে

0 542

ডিজিটেল ডেস্কঃ ক্ৰমান্বয়ে ক্ৰীড়া জগতত ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিবলৈ সক্ষম হৈছে অসমৰ যুৱতী। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অলিম্পিকত লাভলীনাই দেশলৈ কঢ়িয়াই আনিছিল অফুৰন্ত সন্মান। এইবাৰ হাজোৰ মনাহকুছিৰ যুৱতী কৰিনা পাটোৱাৰীয়ে অসমলৈ কঢ়িয়াই আনিছে গৌৰৱ। গোৱাত অনুষ্ঠিত হোৱা ৱাদো কিক বক্সিং প্ৰতিযোগিতাত পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে কৰিনা পাটোৱাৰীয়ে।

শিক্ষক দিৱসৰ দিনটোত মনাহকুছি বিষ্ণুজ্যোতি ক্ৰীড়া আৰু সাংস্কৃতিক সংঘৰ তৰফৰ পৰা ছয় গৰাকীকৈ কৃতি শিক্ষকৰ লগতে ৰাষ্ট্ৰীয় পদক আজুৰি আনিবলৈ সক্ষম হোৱা খেলুৱৈ কৰিনা পাটোৱাৰীক জনোৱা হয় সম্বৰ্ধনা।

এই অনূষ্ঠানত অ‍ংশগ্ৰহন কৰে ৰাজ্যৰ ক্ৰীড়া বিভাগৰ উপ সঞ্চালক,গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক তৰনী ডেকাৰ লগতে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক ৰাতুল শৰ্মাই।।

কৰিনা পাটোৱাৰীৰ এই সফলতাই ভৱিষ্যত প্ৰজন্মক ক্ৰীড়াৰ ক্ষেত্ৰত আগ্ৰহী কৰি তুলিব বুলি আশাবাদী বিষ্ণু জ্যোতি ক্ৰীড়া আৰু সাংস্কৃতিক সংঘৰ কৰ্মকৰ্তা সকল।

Leave A Reply

Your email address will not be published.