danewsplus.com
danewsplus.com

কাগজ কলৰ কৰ্মচাৰীসকললৈ ভাল খবৰ, খালী কৰিব নালাগে আৱাস গৃহ

0 298

ডিজিটেল ডেস্কঃ কাগজকলৰ কৰ্মচাৰীক সকাহ৷ সদ্যহতে খালী কৰিব নালাগে আৱাস গৃহ৷ অসম উদ্যোগীক উন্নয়ন নিগমত কাগজ কলৰ কৰ্মচাৰীৰে হোৱা বৈঠকত এই আশ্বাস দিছে মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ এই বৈঠকৰ অন্তত আলোচনাৰ সকলো দিশ ইতিবাচক আখ্যা দি চৰকাৰে সকলো দাবী মানি লোৱা বুলি মন্তব্য কৰে কৰ্মচাৰী পৰিষদে৷

নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীৰে হোৱা বৈঠকৰ অন্তত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু পীয়ুষ হাজৰিকাই সম্বোধন কৰে সংবাদমেল৷ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে, বৈঠকত কৰ্মচাৰী পৰিষদৰ সকলো সদস্যই সন্তুষ্টি প্ৰকাশ কৰিছে৷ অচিৰেই মুখ্যমন্ত্ৰী পৰ্যায়ত আলোচনা হ’ব বুলিও ঘোষণা কৰে মন্ত্ৰী পাটোৱাৰীয়ে৷ মুখ্যমন্ত্ৰীয়ে ৰাইজক ভাল খবৰ দিব বুলি মন্তব্য কৰে পীয়ূষ হাজৰিকাই৷

Leave A Reply

Your email address will not be published.