danewsplus.com
danewsplus.com

পুনৰ তালিবানৰ বৰ্বৰতা, মহিলা আৰক্ষীক পৰিয়ালৰ সন্মুখতে গুলীয়াই হত্যা

0 257

ডিজিটেল ডেস্কঃ এতিয়াও আফগানিস্তানত অব্যাহত আছে তালিবানৰ বৰ্বৰতা। এইবাৰ এগৰাকী মহিলা আৰক্ষীক পৰিয়ালৰ সন্মুখতে গুলীয়াই হত্যা কৰিলে তালিবানি সদস্যই। তালিবানৰ নৃশংসতাৰ বলি হোৱা এই মহিলা গৰাকীৰ নাম আছিল নিগাৰা। নিগাৰা আছিল ৬ মাহৰ গৰ্ভৱতী। এই গৰ্ভৱতী মহিলাগৰাকীক তেওঁৰ স্বামী আৰু সন্তানৰ সন্মুখতে নৃশংস বাবে গুলীয়াই হত্যা কৰিছিল তালিবানে। এজন আফগান সাংবাদিকে টুইট যোগে এই ঘটনাৰ বৰ্ণনা কৰিছিল।

দেশ খনৰ মহিলা সকল এতিয়া তালিবানৰ ভয়ত মুখ আৰু শৰীৰৰ আৱৰণ বোৰ্খা বা হিজাবত থাকিবলৈ বাধ্য হৈছে। কাৰণ হিজাব বা বোৰ্খা পৰিধান নকৰিলে তালিবানৰ বৰ্বৰতাৰ চিকাৰ হোৱাৰ ভয় মহিলাসকলৰ। তালিবানৰ এই বৰ্বৰতা ১৯৯০ ৰ দশকত দেশ খনত হোৱা ঘটনাৰ দৰে প্ৰায় একেই।

Leave A Reply

Your email address will not be published.