danewsplus.com
danewsplus.com

সীমান্ত চুক্তি ভংগ কৰি অসমৰ ভূমিত মিজোৰ কেম্প নিৰ্মাণ, পুনৰ মিজোৰামে দখল আৰম্ভ কৰিছে অসমৰ ভূমিত

0 157

ডিজিটেল ডেক্সঃ সীমান্ত চুক্তি ভংগ কৰি অসমৰ ভূমিত মিজোৰ কেম্প নিৰ্মাণ ৷ পুনৰ মিজোৰামে দখল আৰম্ভ কৰিছে অসমৰ ভূমিত ৷ অসমৰ ভূমিত হাইলাকান্দিৰ বিলাইপুৰ বনাঞ্চলত দুটা কেম্প নিৰ্মাণ কৰিছে মিজোৰাম প্ৰশাসনে ৷ ছেটেলাইট আৰু ড্ৰোনৰ সহায়ত কৰা নিৰীক্ষণৰ সময়ত পোহৰলৈ আহিছে এই ঘটনা ৷ ইতিমধ্যে এই সন্দৰ্ভত হাইলাকান্দি প্ৰশাসন-আৰক্ষীয়ে পত্ৰ দিছে মিজো প্ৰশাসনক ৷

মিজোৰামৰ কোলাশ্বিব জিলাৰ DC, SPলৈ দিয়া পত্ৰৰ এইপৰ্যন্ত উত্তৰ দিয়া নাই ৷ ইয়াৰ বিপৰীতে বিলাইপুৰত মিজোৰামৰ পথ নিৰ্মাণৰ কাম চলি আছে ৷ ৩দিন পূৰ্বে মিজোক পথ নিৰ্মাণত বাধা দিছিল হাইলাকান্দি আৰক্ষী প্ৰশাসনে ৷ ওভতাই পঠিয়াওৱা হৈছিল পথ নিৰ্মাণত ব্যৱহাৰ কৰা এছকেভেটৰ ৷ কিন্তু এই ঘটনাৰ পিছতে চালকজনক অপহৰণৰ অভিযোগ আনিছে মিজোৰামে ৷

মিজোৰাম প্ৰশাসনৰ এই অভিযোগ খণ্ডন কৰি সংবাদমেল যোগে হাইলাকান্দি জিলা প্ৰশাসনে প্ৰকাশ কৰে মিজোৰ আগ্ৰাসনৰ তথ্য ৷ শেহতীয়াকৈ হাইলাকান্দি সীমান্তত মিজোৱে পুনৰ ৬ BOP স্থাপন কৰা বুলি সদৰী কৰে আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে ৷ আনহাতে DFO জয়ন্ত ডেকাই জনোৱা মতে হাইলাকান্দিৰ সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৮০০ হেক্টৰ ভূমি এই পৰ্যন্ত দখল কৰিছে মিজোৱে ৷

Leave A Reply

Your email address will not be published.