danewsplus.com
danewsplus.com

ক্ৰীড়া খণ্ডত অভিলাষী প্ৰকল্প ঘোষণা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

0 125

ডিজিটেল ডেস্ক: ৰাজ্যত ক্ৰীড়া খণ্ডৰ উন্নয়নৰ লক্ষ্যৰে প্ৰথমবাৰৰ বাবে বাজেটত ঘোষণা এহেজাৰ কোটি টকা। চন্দ্ৰপুৰত আন্ত:ৰাষ্ট্ৰীয় ষ্টেডিয়াম হ’ব বুলি ঘোষণা মুখ্যমন্ত্রীৰ। লগতে ২৫২ গৰাকী খেলুৱৈক ক্ৰীড়া পেন্সন অনুদান ঘোষণা কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, ৰাজ্যত ৫২ টা সমষ্টিত নিৰ্মাণৰ বিভিন্ন স্তৰত থকা ৫২ টা প্ৰকল্পৰ লগতে এই বছৰ ৪০ টা নতুন ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। শুক্ৰবাৰে, অৰ্থাৎ অভিৰুচি ক্ৰীড়া দিৱসৰ দিনটোত অসমৰ প্ৰথম অৰ্জুন বঁটা প্ৰাপক ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটোত ২৫২ গৰাকী ক্ৰীড়াবিদক নিয়মীয়া পেন্সন আৰু এককালীন অনুদান প্ৰদান কৰি ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ উপস্থিতিত এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।

ইফালে, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদত অনুষ্ঠিত এক বৰ্ণাঢ্য অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই চন্দ্ৰপুৰত তাপবিদ্যুৎ প্ৰকল্পৰ ভূমিত এখন আন্তৰাষ্ট্ৰীয় মানৰ ষ্টেডিয়াম নিৰ্মাণৰ কথা উল্লেখ কৰে। লগতে চলিত বিত্তীয় বৰ্ষতে ইয়াৰ বাবে এশ কোটি টকা ধাৰ্য কৰা হৈছে।

ইপিনে, ১০ খন জিলাত ৫০ কোটি টকাকৈ ব্যয় কৰি জিলা পৰ্যায়ৰ ক্ৰীড়া প্ৰকল্প গঢ়ি তুলিব বুলিও সভাত ঘোষণা কৰে মুখ্যমন্ত্রীগৰাকীয়ে।

Leave A Reply

Your email address will not be published.