danewsplus.com
danewsplus.com

পেৰা-অলিম্পিকত অপ্ৰতিৰোধ্য় অৱনি লেখাৰা, আজুৰিলে দুটাকৈ পদক

0 499

ডিজিটেল ডেস্কঃ এখন পেৰা-অলিম্পিকত দুটা পদক বিজয়ী প্ৰথম গৰাকী ভাৰতীয় হিচাপে ইতিহাসত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে অৱনি লেখাৰাই।

উল্লেখ্য যে, ত্ৰিআৱস্থনিক ৰাইফল চালনাত ব্ৰঞ্জৰ পদক জয় কৰিলে অৱনিয়ে। ইতিমধ্যে ১০ মিটাৰ ৰাইফল চালনাত সোণৰ পদক জয় কৰিছিল লেখাৰাই।

ইফালে হাইজাম্পত প্ৰবীণ কুমাৰে ৰূপৰ পদক জয় কৰিবলৈ সক্ষম হৈছে। লগতে পেৰা অলিম্পিকত ভাৰতে এতিয়ালৈকে মুঠ ১২ টা পদক লাভ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে ১৭০ টা পদক জয় কৰি পেৰা-অলিম্পিকত শীর্ষত আছে চীন।

Leave A Reply

Your email address will not be published.