danewsplus.com
danewsplus.com

কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা চৈয়দ আলী শ্বাহ গিলানিৰ মৃত্যু, শ্ৰীনগৰত সৈন্য মোতায়েন,কৰ্তন ইণ্টাৰনেট সেৱা

0 356

ডিজিটেল ডেক্সঃ কাশ্মীৰৰ প্ৰবীণ বিচ্ছিন্নতাবাদী নেতা চৈয়দ আলী শ্বাহ গিলানিৰ মৃত্যু।

বুধবাৰে শ্ৰীনগৰৰ নিজা বাসগৃহত মৃত্যু হয় নেতা গৰাকীৰ। ফলত চহৰ খনৰ চাৰিওফালে সৈন্য মোতায়েন কৰাৰ লগতে বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা।

প্ৰশাসনিক বিষয়া বিজয় কুমাৰে জনোৱা অনুসৰি সতৰ্কতামূলক ব্যৱস্থা হিচাপে এই সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে। উল্লেখ্য যে, শ্ৰীনগৰৰ লগতে অন্যান্য মুখ্য চহৰসমূহৰ সংবেদনশীল স্থান সমূহতো সৈন্য মোতায়েন কৰাৰ লগতে যান-বাহনৰ চলাচল বন্ধ কৰি দিয়া হৈছে।

Leave A Reply

Your email address will not be published.