danewsplus.com
danewsplus.com

ভেকচিন ন’ললে চৰকাৰী সুবিধা নাপাব, ঘোষণা স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ

0 127

ডিজিটেল ডেক্স: বুধবাৰে কামৰূপ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক পৰ্যালোচনা সভাত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই কয় যে, ‘উপযুক্ত ব্যক্তিয়ে ক’ভিড প্ৰতিষেধক গ্ৰহণ নকৰিলে ভৱিষ্যতে চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হ’ব। গতিকে জিলাখনৰ সকলো উপযুক্ত লোককে প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰক আৰু চেপ্তেম্বৰ মাহত সম্পূর্ণ কৰক।’

উল্লেখযোগ্য যে, কামৰূপৰ উপায়ুক্ত কৈলাস কাৰ্তিক এন, জিলা স্বাস্থ্য খণ্ডৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত প্ৰতীক কাঠকটীয়াকে ধৰি সমগ্ৰ জিলাৰ প্ৰশাসনীয় বিষয়াবৰ্গ আৰু স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ পৰা ক’ভিড প্ৰতিষেধক প্ৰদান সম্পৰ্কে বুজ লৈ এই কাৰ্য আৰু ক্ষিপ্ৰতাৰে সম্পন্ন কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নতুন নিৰ্দেশনা জাৰি কৰে।

লগতে জিলাখনৰ উপযুক্ত এশ শতাংশ লোককেই প্ৰতিষেধক প্ৰদান সুনিশ্চিত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। লগতে জনসাধাৰণৰ সুবিধাৰ্থে জিলাখনৰ ২৪ ঘণ্টীয়া প্ৰতিষেধক প্ৰদান ব্যৱস্থা উপলব্ধ কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে।

Leave A Reply

Your email address will not be published.