danewsplus.com
danewsplus.com

বৃহস্পতিবাৰে উত্তৰ অসমত কি কৰিলে মুখ্যমন্ত্ৰীয়ে, কি উপহাৰ দিলে চতিয়াবাসীক

0 553

ডিজিটেল ডেস্কঃ উত্তৰ অসম ভ্ৰমণত ব্যস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ দিনজোৰা কাৰ্যসূচীৰে বৃহস্পতিবাৰে চতিয়াত উপস্থিত হয় মুখ্যমন্ত্ৰী শৰ্মা৷ মুখ্যমন্ত্ৰী শৰ্মাই চতিয়াৰ নাগশংকৰ ষ্টেডিয়াম উদ্বোধন কৰি দিনজোৰা কাৰ্যসূচী আৰম্ভ কৰে৷ আয়তীৰ উৰুলী, দবা, ঘণ্টা ধ্বনীৰ মাজেৰে ষ্টেডিয়ামখন উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে আন্তঃগাঁথনি উন্নত কৰাৰ বাবে ১০ কোটি টকাৰ অনুদান আগবঢ়ায়৷

লগতে নাগশংকৰ স্বাস্থ্য কেন্দ্ৰটি ৩০ খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নত কৰাৰ আশ্বস দিয়ে মুখ্যমন্ত্ৰীয়ে৷ ইয়াৰ পিছতেই জামুগুৰীহাটত নিৰ্মাণৰত বাৰেচহৰীয়া ভাওনা প্ৰকল্পৰ কাম-কাজৰ বুজ লয়৷ ইফালে শ’লগুৰিৰ পৰা কন্যকালৈ নিৰ্মাণ কৰা পকীপথো উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে৷

জীয়া ভৰলী পাৰত বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ়লৈ উঠা ‘কন্যকা’ পৰিদৰ্শন কৰাৰ লগতে ‘কন্যকা’ ত নিৰ্মাণ কৰি উলিওৱা আটকধুনীয়া অতিথিশালাৰো উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। দিনজোৰা কাৰ্যসূচীৰে চতিয়া সমষ্টিলৈ অহা মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে মন্ত্ৰী পীয়ূষ হাজৰিকা, চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা আৰু তেজপুৰৰ সাংসদ পল্লবলোচন দাসে৷

Leave A Reply

Your email address will not be published.