danewsplus.com
danewsplus.com

বিলাসীপাৰাত ডাইনী সজাই পুত্ৰই ঘপিয়াই হত্যা কৰিলে মাতৃক

0 450

ডিজিটেল ডেস্কঃ বিলাসীপাৰাত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড৷ ডাইনীৰ সন্দেহত পুত্ৰই কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে মাতৃক৷ অন্ধবিশ্বাসৰ বাবেই পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ৷ এই জঘন্য ঘটনা সংঘটিত হৈছে পৰ্বতঝোৰা মহকুমাৰ মতিঝোৰা প্ৰথমখণ্ড গাঁৱত৷

ডাইনীৰ সন্দেহত মংগল মুৰ্মু নামৰ যুৱকজনে মাতৃক হত্যা কৰি পেলাই দিয়ে ঘন জংঘলত৷ টিপকাই আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰ অসামৰিক চিকিৎসালয়ৈ প্ৰেৰণ কৰিছে৷ ইফালে হত্যাকাৰী মংগলে মাতৃ হত্যাৰ কথা অকপটে স্বীকাৰ কৰে সাংবাদিকৰ সন্মুখত৷

মংগলৰ মতে কিছুদিন পূৰ্বে মাতৃয়ে ডাইনী ৰূপে হত্যা কৰিছিল মংগলৰ জ্যেষ্ঠ ভগ্নীক৷ ভগ্নী হত্যাৰ বাবেই মাতৃক হত্যা কৰা বুলি স্বীকাৰোক্তি মংগলৰ৷ টিপকাই আৰক্ষীয়ে হত্যাকাৰী মংগলক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে৷ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ দিনতো অন্ধবিশ্বাসৰ বলি হৈ পুত্ৰই মাতৃক হত্যা কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত৷

Leave A Reply

Your email address will not be published.