danewsplus.com
danewsplus.com

তালিবানক সমৰ্থন পাকিস্তানী ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদীৰ

0 125

ডিজিটেল ডেক্সঃ তালিবানক সমৰ্থন পাকিস্তানী ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক শ্বাহিদ আফ্ৰিদীৰ। পাকিস্তানী ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা অলৰাউণ্ডাৰ শ্বাহিদ আফ্ৰিদীয়ে সংবাদ মাধ্যমৰ সন্মুখত মুকলিকৈ সমৰ্থন কৰিলে তালিবানক।

আফগানিস্তানৰ তালিবানী ৰাজক লৈ সমগ্ৰ বিশ্বতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়ত পাকিস্তানী ক্ৰিকেটাৰগৰাকীৰ এনে আচৰণে স্তম্ভিত কৰি তুলিছে বিশ্ববাসীক।

২০১৬ চনতে আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা পাকিস্তানী ক্ৰিকেটাৰ গৰাকীয়ে শেহতীয়া ভাৱে তালিবানী শাসনক সকৰাত্মক বুলিও মন্তব্য প্ৰকাশ কৰিছে। তালিবানে মহিলাসকলক চাকৰি দিয়াৰ লগতে,ক্ৰিকেটক সমৰ্থন কৰা বুলি মন্তব্য প্ৰকাশ কৰে ক্ৰিকেটাৰ গৰাকীয়ে । ক্ৰিকেটাৰ আফ্ৰিদীৰ মতে এইবাৰৰ তালিবান ৰাজ পূৰ্বৰ দৰে নহয় বৰঞ্চ সকৰাত্মক হে। আফ্ৰিদীৰ এনে আচৰণে এতিয়া বিশ্বৰ সংবাদ মাধ্যমত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Leave A Reply

Your email address will not be published.