danewsplus.com
danewsplus.com

অসম ডাউন টাউন বিশ্ববিদ্যালয়ত সংগীতৰ কৰ্মশালা

0 652

ডিজিটেল ডেস্কঃ পৰিবেশ্য কলাৰ আধুনিক ধাৰণাক বিশ্ববিদ্যালয়ৰ শ্ৰেণীকোঠাৰ ভিতৰতে আৱদ্ধ নাৰাখি তাক বাহিৰলৈ লৈ যোৱাৰ উদ্দেশ্য আগত ৰাখি অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পৰিবেশ্য কলা শাখাই সংগীত এটি কৰ্মশালাৰ আয়োজন কৰিছিল৷ আজি আবেলি এই কৰ্মশালাৰ সামৰণি পৰে৷ সামৰণি অনুষ্ঠানত মুখ্য অতিথিহিচাপে অংশগ্ৰহন কৰে বিশ্ববিদ্যালয়ৰ আচাৰ্য ডঃ নৰেন্দ্ৰ নাথ দত্তই৷ নাৰেংগীৰ অংকুৰ বিদ্যাপীঠৰ পঞ্চল্লিছ গৰাকী ছাত্ৰছাত্ৰীয়ে অংশগ্ৰহন কৰা এই কৰ্মশালাত সংগীতৰ পাঠদান কৰে পৰিবেশ্য কলা শাখাৰ সহকাৰী অধ্যাপক নিবেদিতা বৈশ্য আৰু দীপজ্যোতি টেৰণে৷ সামৰণি অনুষ্ঠানত শিক্ষাৰ্থীসকলে কৰ্মশালাত শিকা গীতমাত পৰিবেশন কৰে৷ প্ৰফেচৰ বন্দনা দত্তয়ো শিক্ষাথীৰ্সকলৰ লগত গীতত অংশগ্ৰহন কৰি তেওঁলোকক উৎসাহিত কৰে আৰু প্ৰতিজন প্ৰশিক্ষাৰ্থীক উপহাৰৰ একোটিকৈ টোপোলা আগবঢ়ায়৷
একেই অনুষ্ঠানতে আচাৰ্য ডঃ দত্তই বিশ্ববিদ্যালয়ৰ ছাত্ৰী প্ৰিয়া শৰ্মাই ৰচনা কৰা ইংৰাজী কাব্যগ্ৰন্থ ‘উইংছ অব হোপ’খন উন্মোচন কৰে৷ কিতাপখন প্ৰকাশ কৰিছে গুৱাহাটীৰ পূৰ্বায়ণ প্ৰকাশনে৷ উন্মোচনী ভাষণত ডঃ দত্তই লেখিকাগৰাকীৰ উজ্বল ভবিষ্যত কামনা কৰে আৰু বিশ্ববিদ্যালয় কতৃৰ্পক্ষই শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ সাহিত্য অধ্যয়ণ বৃদ্ধি কৰিব পৰা উৎসাহমূলক আঁচনিৰ কথা উল্লেখ কৰে৷ উল্লেখ্য যে কবি প্ৰিয়া শৰ্মাই নিজে অঁকা ছবিৰে সংকলনটি সজাইছে ৷

Leave A Reply

Your email address will not be published.