danewsplus.com
danewsplus.com

বাক্সা জিলাৰ মুছলপুৰৰ এখন ব্যতিক্ৰমী বজাৰ, বজাৰখনৰ বিশেষত্ব হৈছে বজাৰ খন পৰিচালিত হয় কেৱল মহিলাৰ দ্বাৰা

0 380

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ সোণাজুলিত অৱস্থিত মহিলাৰ দ্বাৰা পৰিচালিত ব্যতিক্ৰমী বজাৰখন। গেলামাল দোকানীৰ পৰা মাংস, মাছৰ পৰা শাক-পাচলি বিক্ৰেতালৈ সকলো মহিলা। কোনোবাই যদি বিক্ৰী কৰিছে শাক-পাচলি, আন কোনোবাই বিক্ৰী কৰিছে গাহৰিৰ মাংস। সেইদৰে স্থায়ীভাৱে থকা গেলামাল তথা চাহ দোকানী সকলো মহিলা।

উল্লেখ্য যে, জিলাখনৰ বাগানপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত এই বজাৰখনৰ নাম হৈছে সোণাজুলি মহিলা বজাৰ। অঞ্চলটোৰ প্ৰায় ষোল্লখন গাঁৱৰ মহিলা একগোট হয় এই বজাৰখনত। লগতে বড়ো, গোৰ্খা আৰু আদিবাসী জনগোষ্ঠীৰে মিশ্ৰিত অঞ্চলটোৰ এই বজাৰখন বহে দৈনিক আবেলি সময়ত ।

বজাৰখনত যি ধৰণে মহিলা বিক্ৰেতা আছে, ঠিক তেনেদৰে ক্ৰেতাসকলো মহিলা। বিভিন্ন শাক-পাচলি পৰা মাছ-মাংস সকলো উপলব্ধ হয় এই বজাৰখনত ।

Leave A Reply

Your email address will not be published.