danewsplus.com
danewsplus.com

আমেৰিকাৰ দ্বিতীয়টো ৰকেট আক্ৰমণত কপি উঠিল কাবুল বিমানবন্দৰ

0 316

ডিজিটেল ডেক্সঃ কাবুল বিমানবন্দৰৰ সমীপত সন্দেহযুক্ত ISIS-Kক লক্ষ্য কৰি আমেৰিকাৰ ৰকেট আক্ৰমণ। এই আক্ৰমণত কঁপি উঠিল সমগ্র কাবুল বিমানবন্দৰ। এই আক্ৰমণত ২ শিশুৰ মৃত্যু হোৱাৰ লগতে ৩ গৰাকী লোক আহত হৈছে।

উল্লেখ্য যে, যোৱা বৃহস্পতিবাৰে কাবুল বিমানবন্দৰত ISIS-K ৰ আক্ৰমণত ১৩ মাৰ্কিন সেনা সহ ১৭০ জন লোকে প্ৰাণ হেৰুৱাইছিল। তাৰ পিছত ISIS ক প্ৰত্যুত্তৰ দিয়াৰ বাবে মাৰ্কিন সেনাক পৰিকল্পনা সাজু কৰাৰ নিৰ্দেশ দিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’বাইডেনে। তাৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে আফগানিস্তানত থকা ISISৰ ঘাটিত প্ৰথমটো ৰকেট আক্ৰমণ চলাইছিল আমেৰিকাই।

দেওবাৰে ISISI-K ৰ এখন বিস্ফোৰক ভৰ্তি গাড়ীক লক্ষ্য কৰি দ্বিতীয়টো ৰকেট আক্ৰমণ চলায় আমেৰিকাই। বিমানবন্দৰ অভিমুখে গৈ থকা অৱস্থাত ISIS-K ৰ বিস্ফোৰক ভৰ্তি বাহন খন মাৰ্কিন সেনাই মুহূৰ্ততে ধ্বংস কৰিবলৈ সক্ষম হয় ।

Leave A Reply

Your email address will not be published.