danewsplus.com
danewsplus.com

ৰাজ্যসভাৰ সদস্য পদৰ পৰা ৰঞ্জন গগৈক বাতিলৰ আবেদন জনাই উচ্চতম ন্যায়ালয়ত গোচৰ

0 575

ডিজিটেল ডেক্সঃ দেশৰ প্ৰাক্তন মূখ্য ন্যায়াধীশ ৰঞ্জন গগৈক ৰাজ্যসভাৰ সদস্য ৰূপে মনোনীত কৰাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত এগৰাকী সমাজকৰ্মী তথা অধিবক্তাই আবেদন দাখিল কৰিছে।

উল্লেখ্য যে, কি কৰ্তৃত্ব, অৰ্হতা আৰু অধিকাৰৰ ভিত্তিত ৰঞ্জন গগৈয়ে এই সাংসদ পদত কাৰ্যনিৰ্বাহ কৰি আছে সেয়া ন্যায়ালয়ৰ জৰিয়তে জানিবলৈ আবেদনখনত অনুৰোধ জনোৱা হৈছে। তদন্তৰ পাছতে তেওঁক ৰাজ্যসভাৰ সদস্যৰ পৰা বৰ্খাস্ত কৰিবলৈ অনুৰোধ জনাইছে অধিবক্তা সতীশ এছ কাম্বিয়ে।

ইপিনে, আবেদনত ভাৰতৰ ৰাজপত্ৰত প্ৰকাশ হোৱা ৰঞ্জন গগৈৰ মনোনয়নৰ অধিসূচনাও অবৈধ ঘোষণা কৰাৰ আহ্বান জনাইছে। উল্লেখ্য যে, অধিবক্তা গৰাকীয়ে আবেদনত কয় যে সংসদৰ ৱেবছাইটত থকা তথ্য মতে, গগৈয়ে কোনো গ্ৰন্থ লিখা নাই, সামাজিক আৰু সাংস্কৃতিক, সাহিত্য, কলা, বিজ্ঞান আৰু আন বিশেষ ক্ষেত্ৰলৈ তেওঁৰ অৱদান শূণ্য।

কিন্তু সংবিধানৰ ৮০ (১) (ক) নং অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিয়ে সাহিত্য, বিজ্ঞান, কলা আৰু সামাজ সেৱাৰ ক্ষেত্ৰত বিশেষ জ্ঞান বা বাস্তৱ অভিজ্ঞতা থকা ১২ গৰাকী লোককহে ৰাজ্যসভালৈ মনোনীত কৰিব পাৰে। সেয়ে গগৈৰ মনোনয়ন অসাংবিধানিক আখ্যা দি আবেদনত তেওঁক বাতিলৰ অনুৰোধ জনোৱা হৈছে।

Leave A Reply

Your email address will not be published.