danewsplus.com
danewsplus.com

পুনৰ বিস্ফোৰণত কঁপিল আফগানিস্তানৰ ৰাজধানী কাবুল

0 162

ডিজিটেল ডেস্কঃ আকৌ বিস্ফোৰণত কঁপি উঠিল আফগানিস্তানৰ ৰাজধানী কাবুল৷ অৱশ্যে সন্ত্ৰাসবাদী নহয়, মাৰ্কিন সেনাবাহিনীয়ে নিক্ষেপ কৰা ৰকেট বোমা বিস্ফোৰিত হ’ল কাবুল বিমানবন্দৰৰ সমীপত৷ এই বিস্ফোৰণত শিশুহসহ দুজন নিহত হোৱাৰ তথ্য পোৱা গৈছে৷ আহত হৈছে ভালেমান লোক৷

সন্ত্ৰাসবাদীক ট্ৰাগেট কৰা ৰকেট বোমাটো বিস্ফোৰিত হ’ল এটা আবাসিক ভৱনত৷ কাবুল বিমানবন্দৰত বৃহস্পতিবাৰে হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণটোৰ পিছতে পুনৰ কাবুল বিমানবন্দৰ সন্ত্ৰাসবাদীয়ে টাৰ্গেট কৰিব পাৰে বুলি শনিবাৰে আশংকা ব্যক্তি কৰিছিল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে৷

বাইডেনৰ আশংকা প্ৰকাশৰ ২৪ ঘণ্টাৰ পিছতে আকৌ বিমানবন্দৰটো টাৰ্গেট কৰিছিল সন্ত্ৰাসবাদীয়ে৷ আত্মঘাতী সন্ত্ৰাসবাদীয়ে কাবুলত বাহৰ পতাৰ তথ্য লাভ কৰি মাৰ্কিন সেনাবাহিনীয়ে চলাইছিল অভিযান৷ সন্ত্ৰাসবাদীক টাৰ্গেট কৰি মাৰ্কিন সেনাই নিক্ষেপ কৰা ৰকেট বোমাটো ফুটিল আবাসিক অঞ্চলটোত৷

মাৰ্কিন সেনাই ড্ৰোনেৰে এই আক্ৰমণটো চলোৱা বুলি দাবী কৰিছে তালিবানে৷ ইয়াৰ লগতে আফগানিস্তানত আমেৰিকাই এনে অভিযান চলোৱাৰ অধিকাৰ নাই বুলিও মন্তব্য কৰে তালিবানে৷

Leave A Reply

Your email address will not be published.