danewsplus.com
danewsplus.com

সুস্মিতা দেব তৃণমূললৈ যোৱাৰ ফলত কংগ্ৰেছ-AIUDFৰ ভোট বিভাজন ঘটিবঃ হিমন্ত বিশ্ব

0 163

ডিজিটেল ডেস্কঃ প্ৰাক্তন সাংসদ সুস্মিতা দেবে তৃণমূল কংগ্ৰেছত যোগ দিয়াৰ প্ৰসংগত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেখেতে কয় যে, সুস্মিতা দেব তৃণমূললৈ যোৱাৰ ফলত কংগ্ৰেছ আৰু AIUDFৰ ভোট বিভাজন ঘটিব৷ আৰু ইয়াৰ ফলত লাভবান হ’ব বিজেপি৷

শিলিগুৰিত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আজি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই৷ আনহাতে গোৰ্খা সম্প্ৰদায়ৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিদেশী ন্যায়াধীকৰণৰ সকলো গোচৰৰ পৰা শীঘ্ৰে ৰেহাই দিয়া হ’ব অসমত বাস কৰা গোৰ্খা সম্প্ৰদায়ৰ লোকসকলক৷

গোৰ্খা সম্প্ৰদায়ৰ লোকসকলক বিশেষ মৰ্যাদা প্ৰদান কৰাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ লগতে অসমৰ ডিটেনছন কেম্পত বৰ্তমাণ বসবাস কৰি থকা ১২গৰাকী বেংগলী হিন্দু লোককো অতি সোনকালে মুকলি কৰি দিয়া হ’ব বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই৷

Leave A Reply

Your email address will not be published.