danewsplus.com
danewsplus.com

পৰ্যটকৰ বাবে মুকলি কৰা হ’ল গুৱাহাটী-হাফলং ভিষ্টাড’ম ৰে’ল সেৱা

0 232

ডিজিটেল ডেক্সঃ পুৱা গুৱাহাটীৰ পৰা হাফলং অভিমুখে যাত্ৰা কৰিলে উত্তৰপূব ৰেল সেৱাত নতুনকৈ সংযোজন হোৱা ভিষ্টাড’মে৷ গুৱাহাটীৰ ৰে’ল ষ্টেচনত এই সেৱা উদ্বোধন কৰিলে মন্ত্ৰী বিমল বৰা আৰু সাংসদ কুইন ওঝাই৷

অসম তথা উত্তৰ-পূবলৈ পৰ্যটকক আকৰ্ষণ কৰাৰ উদ্দেশ্যে এই সেৱা আৰম্ভ কৰিছে অসম পৰ্যটন বিভাগে৷ প্ৰতি সপ্তাহত শনি আৰু বুধবাৰে গুৱাহাটীৰ পৰা নিউ হাফলঙলৈ চলাচল কৰিব ভিষ্টাড’ম৷

এই ৰেল সেৱাৰ জৰিয়তে যাত্ৰী সকলে উপভোগ কৰিব পাৰিব অসম তথা উত্তৰপূৰ্বাঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্য। বাহিৰৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগৰ বাবে এই ৰেল সেৱাত আছে অত্যাধুনিক গ্লাছৰ খিৰিকী আৰু ছাদৰ ডবা। লগতে নিৰ্মাণ কৰা হৈছে ঘূৰ্ণিয়মান আসন। ভিষ্টাড’মত আছে ৱাইফাই সেৱাৰ লগতে ডিজিটেল ডিছপ্লে’স্ক্ৰীণ, আৰু স্লাইডিং ড’ৰ। লগতে আছে চিচি টিভি নিৰীক্ষণ ব্যৱস্থা, ফায়াৰ এলাৰ্ম চিষ্টেম।
মুঠৰ ওপৰত যাত্ৰী সকলৰ সুবিধাৰ্থে অত্যাধুনিক আৰু আধুনিক সা-সুবিধাৰে সজ্জিত কৰি তোলা হৈছে এই ভিষ্টাড’ম সেৱা।

Leave A Reply

Your email address will not be published.