danewsplus.com
danewsplus.com

এইবাৰ সাংবাদিকক আক্ৰমণ তালিবানৰ

0 221

ডিজিটেল ডেক্সঃ আফগানিস্তানৰ প্ৰথমটো স্বাধীন নিউজ চেনেল ট’ল নিউজৰ সাংবাদিকক আক্ৰমণ তালিবানৰ।তালিবানে আক্ৰমণ কৰা সাংবাদিক জনৰ নাম জীয়াৰ ইয়াদ। দেশ খনৰ আগশাৰীৰ সংবাদ গোষ্ঠীটোৰ সাংবাদিক জনক আক্ৰমণ কৰাৰ বাতৰি ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

সাংবাদিক জনক তালিবান সন্ত্ৰাসবাদিয়ে আক্ৰমণ কৰাৰ লগতে কাঢ়ি লৈ যায় সাংবাদিক জনৰ মোবাইল ফোন আৰু কেমেৰা।
আনহাতে,তালিবান সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ কৰ্মীক ভাবুকি দিয়াৰ অভিযোগ উত্থাপণ হৈছে৷ আফগানিস্তানত থকা ৰাষ্ট্ৰসংঘৰ কেইবাটাও কাৰ্যালয়ত তালিবানে লুটপাত চলোৱাৰ বাতৰিও আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান ৰয়টাৰ্ছে প্ৰকাশ কৰিছে৷

Leave A Reply

Your email address will not be published.