danewsplus.com
danewsplus.com

ৰাজ্যত নতুনকৈ ক’ভিডত আক্ৰান্ত ৫৫৫ জন

0 436

ডিজিটেল ডেস্কঃ যোৱা ২৪ ঘন্টাত ৰাজ্যত নতুনকৈ ক’ভিডত আক্ৰান্ত হয় ৫৫৫ জন লোক। নতুনকৈ আক্ৰান্তসকলৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে কামৰূপ মেট্ৰ’। কামৰূপ মেট্ৰ’ত নতুনকৈ আক্ৰান্ত ৭১ জন, গোলাঘাটত ৪৬, যোৰহাটত ৩৮ আৰু শোণিতপুৰত ৩৫ জন।

লগতে যোৱা ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয় কাৰ্বিআংলং জিলাৰ ২ জন লোকৰ। একেদৰে বাক্সা, চৰাইদেউ, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, লখিমপুৰ, মৰিগাঁও, নগাঁও, নলবাৰী, শোণিতপুৰ আৰু ওদালগুৰি জিলাৰ এজনকৈ লোকৰ মৃত্যু হয়।

ৰাজ্যত এই মুহূৰ্তলৈকে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা ৫,৮৫,৬৮৯ জনলৈ বৃদ্ধি পাইছে। ইফালে,মঙলবাৰৰ দিনটোলৈকে ৰাজ্যত ক’ৰোনা মহামাৰীৰ কবলৰ পৰা সুস্থ হোৱা লোকৰ সংখ্যা হৈছেগৈ ৫,৭২,০৮৪ জন।

Leave A Reply

Your email address will not be published.