danewsplus.com
danewsplus.com

আজিৰে পৰা টকিঅ’ত পাৰালিম্পিক্স, ৪,৫৩৭ গৰাকী ভাৰতীয়ে এথলীটে লব অংশ

0 816

ডিজিটেল ডেস্কঃ গ্ৰীষ্মকালীন অলিম্পিকৰ পিছত আজিৰে পৰা টকিঅ’ত পাৰালিম্পিক্স৷ এই পাৰালিম্পিক্সত অংশগ্ৰহণ কৰিছে বিশ্বৰ ১৩৬খন দেশৰ ৪ হাজাৰৰো অধিক বিশেষভাৱে সক্ষম এথলীটে৷

ভাৰতৰ ৫৪জনীয়া এটা দলে প্ৰতিদ্বন্দ্বিতা কৰিব ৯টা ইভেণ্টত৷ পাৰালিম্পিক্সত এইটোৱেই হৈছে ভাৰতৰ সৰ্ববৃহৎ দল৷ পাৰালিম্পিক্সৰ খেলসমূহ অনুষ্ঠিত হ’ব ২১খন ষ্টেডিয়ামত৷ ক’ৰোনাৰ বাবে টকিঅ’ অলিম্পিকৰ দৰেই পাৰালিম্পিক্সৰ ষ্টেডিয়ামসমূহ দৰ্শকশূন্য হ’ব৷

উল্লেখ্য যে, মঙলবাৰৰ পৰা আৰম্ভ হ’বলগীয়া পাৰালিম্পিক্সৰ অন্ত পৰিব ৫ ছেপ্তেম্বৰত। মুঠ ৪,৫৩৭ গৰাকী এথলীটে অংশগ্ৰহণ কৰিব পাৰালিম্পিক্সত।

Leave A Reply

Your email address will not be published.