danewsplus.com
danewsplus.com

বোকাজানত লামডিঙৰ যুৱকক হত্যা, অভিযুক্ত জুবেইৰ আহমেদ পলাতক

0 725

ডিজিটেল ডেস্কঃ বোকাজানত লামডিঙৰ যুৱকক হত্যা৷ লামডিঙৰ হাতীখুলিৰ ননকে বস্তিৰ বাবলু কুৰ্মী নামৰ যুৱকজনক হত্যা কৰিলে জুবেইৰ আহমেদ নামৰ লোকজনে৷ ইয়াৰ পিছতে পলায়ন কৰে জুবেইৰ আহমেদে৷ বোকাজানত এজন লোকৰ বাসগৃহ নিৰ্মাণত শ্ৰমিক হিচাপে নিয়োজিত আছিল বাবলু কুৰ্মী, কাৰ্তিক ভূঞা আৰু জুবেইৰ আহমেদ৷

দিনৰ ভাগত ভাত ৰন্ধাক লৈ তেওঁলোকৰ মাজত লাগে তৰ্কাতৰ্কি৷ পিছত সতীৰ্থৰ বুজনিত তৰ্কাতৰ্কি শাম কাটে যদিও নিশা শুই থকা অৱস্থাত জুবেইৰ আহমেদে বাবুল কুৰ্মী আৰু কাৰ্তিক ভূঞাক গধূৰ বস্তুৰে আঘাত কৰে৷ বাবলু কুৰ্মীক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও বাটতে তেওঁৰ মৃত্যু হয়৷ কাৰ্তিক ভূঞা বৰ্তমান লামডিঙত চিকিৎসাধীন৷

Leave A Reply

Your email address will not be published.