danewsplus.com
danewsplus.com

মানসিক চাপৰ পৰা পৰিত্ৰাণ পাবলৈ কেনেকুৱা ধৰণৰ খাদ্য খোৱা উচিত

0 549

ডিজিটেল ডেক্সঃ দৈনন্দিন কৰ্ম ব্যস্ততাই হওঁক বা আন কোনো কাৰণতেই হওঁক কম বেছি পৰিমানে সকলোৰে মানসিক চাপ থাকে। কিন্তু অত্যাধিক মানসিক চাপ হলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত। অৱশ্যে আমাৰ খাদ্য তালিকাত কেইটামান খাদ্যক স্থান দিব পাৰিলে কিছুপৰিমাণে মানসিক চাপৰ পৰা পৰিত্ৰাণ পোৱা সম্ভৱ।

১- ব্লু বেৰী – আপুনি যদি প্ৰতিদিনে কেইটামান ব্লু বেৰী খাব পাৰে তেতিয়া হলে আপুনি কিছুপৰিমাণে মানসিক চাপৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হ’ব। ব্লু বেৰীত থকা ফ্লৱনইড এন্টিঅক্সিডেন্টে মানসিক অৱসাদ আঁতৰ কৰাত সহায় কৰে।

২-মিঠা আলু – কৰ্টী সল হৰমনৰ ক্ষৰণৰ ফলত মানসিক চাপ বৃদ্ধি পায়। এইক্ষেত্ৰত মিঠা আলুয়ে এই হৰমন বিধৰ ক্ষৰণ মাত্ৰা কমাই মানসিক চাপৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে।

৩ -কণী – কণীত কলাইন নামৰ এবিধ উপাদান থাকে। যিবিধ উপদানে মস্তিষ্ক শীতল কৰি ৰখাত সহায় কৰে। ফলত বহু পৰিমাণে মানসিক চাপৰ পৰিত্ৰাণ পোৱা যায়।

৪-নহৰু – বিভিন্ন গৱেষণাই প্ৰমাণ কৰিছে যে নহৰুত থকা উপাদান সমূহে উদ্বেগ আৰু অৱসাদৰ পৰা মনক আঁতৰাই ৰখাত সহায় কৰে।

Leave A Reply

Your email address will not be published.