danewsplus.com
danewsplus.com

সুশান্ত সিং ৰাজপুতৰ ফেচবুক একাউন্টত হঠাৎ কোনে দিলে আপডেট

0 148

ডিজিটেল ডেস্কঃ প্ৰয়াত জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ ফেচবুক একাউণ্টত হঠাৎ সলনি হ’ল প্ৰফাইল ফটো। উল্লেখ্য যে, ২০২০ চনৰ ১৪ জুনত সুশান্ত সিং ৰাজপুতক নিজৰ এপাৰ্টমেণ্টত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল। যোৱা ১৮ আগষ্টৰ পোৱা ৬-৩০ বজাত হঠাৎ সুশান্তৰ ফেচবুক একাউন্টৰ প্ৰফাইল ফটো সলনি কৰা হয়।

প্ৰয়াত অভিনেতাজনৰ ফেচবুক একাউণ্টৰ শেহতীয়া এই কাৰ্যই অনুৰাগী সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বহু অনুৰাগীয়ে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

বহুতে এই কাৰ্যক আচৰ্যজনক বুলি অভিহিত কৰিছে। সুশান্তৰ একাউন্ট আপডেট কৰা উচিত নহয় বুলি বহুতে সামাজিক মাধ্যমত মত পোষণ কৰিছে। লগতে অনুৰাগী সকলৰ আৱেগক সন্মান জনোৱা উচিত বুলি অনুৰাগী সকলে মন্তব্য প্ৰকাশ কৰিছে।

Leave A Reply

Your email address will not be published.