danewsplus.com
danewsplus.com

ভাৰতীয় মাছমৰীয়াৰ নাৱত শ্ৰীলংকাৰ নৌসেনাৰ আক্ৰমণ

0 78

ডিজিটেল ডেক্সঃ ভাৰতীয় মাছমৰীয়াৰ নাৱত শ্ৰীলংকাৰ নৌসেনাই আক্ৰমণ কৰে। মাছমৰীয়াৰ নাৱলৈ লক্ষ্য কৰি গুলীচালনা-শিল নিক্ষেপ কৰে শ্ৰীলংকাৰ নৌসেনাই। দেওবাৰে এই কথা জনায় তামিলনাডুৰ ৰামেশ্বৰমৰ মীন বিভাগৰ এগৰাকী বিষয়াই।

শ্ৰীলংকাৰ নৌসেনাৰ আক্ৰমণত ভাৰতীয় মাছমৰীয়াৰ প্ৰায় ৬০খন নাও ক্ষতিগ্ৰস্ত হয়। লগতে নৌসেনাই ধ্বংস কৰে ২৫খন নাৱৰ মাছ ধৰা জাল। বৰ্তমানলৈ এই ঘটনাত কোনো মাছমৰীয়া হতাহত হোৱা নাই। উল্লেখযোগ্য যে, শনিবাৰে নিশা ভাৰতীয় মাছমৰীয়া কেইজনে প্ৰায় ৫৫৬ খন নাও সাগৰলৈ লৈ ওলাই যোৱাৰ সময়তে ৫খন জাহাজত অহা জোৱানে আক্ৰমণ চলাইছিল।

Leave A Reply

Your email address will not be published.