danewsplus.com
danewsplus.com

প্ৰধানমন্ত্ৰী মোদীক লগ কৰিবলৈ ৮১৫ কিলোমিটাৰ খোজকাঢ়ি যাত্ৰা, জম্মু কাশ্মীৰৰ এজন অনুৰাগীৰ

0 130

ডিজিটেল ডেক্সঃ ফাহিম নাজিৰ শ্বাহ নামৰ প্ৰধানমন্ত্ৰী মোদীৰ এজন অনুৰাগীয়ে শ্ৰীনগৰৰ পৰা দিল্লীলৈ খোজ কাঢ়ি আৰম্ভ কৰিছে যাত্ৰা, আশা কৰিছে যে তেওঁৰ প্ৰায় ৮১৫ কিলোমিটাৰ যাত্ৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টি আকৰ্ষণ কৰিব। আৰু তেওঁ মোদীক লগ কৰাৰ সুযোগ পাবলৈ সক্ষম হ’ব।
জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত আংশিক সময়ৰ ইলেক্ট্ৰিচিয়ান হিচাপে কাম কৰা ২৮ বছৰীয়া যুৱকজনে দেওবাৰে ২০০ কিলোমিটাৰ খোজ কাঢ়ি উধমপুৰত উপস্থিত হয়।
যুৱক জন প্ৰধানমন্ত্ৰী মোদীৰ বহুত ডাঙৰ অনুৰাগী বুলি নিজে দাবী কৰে।
শ্ৰীনগৰৰ শালিমাৰ অঞ্চলৰ বাসিন্দা শ্বাহে বিশ্বাস কৰে যে এই কষ্টকৰ যাত্ৰাৰ শেষত প্ৰধানমন্ত্ৰীক লগ পোৱাৰ তেওঁৰ সপোন পূৰণ হোৱাটো নিশ্চিত।
লগতে যুৱক জনে কয় যে “মই তেওঁক (মোদী)ক লগ কৰিবলৈ খোজকাঢ়ি দিল্লীলৈ গৈ আছোঁ আৰু মই প্ৰধানমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হম বুলি আশা কৰিছো। প্ৰধানমন্ত্ৰীক লগ পোৱাটো মোৰ এটা প্ৰিয় সপোন”।
তেওঁ যোৱা চাৰি বছৰ ধৰি ছ’চিয়েল মিডিয়াত প্ৰধানমন্ত্ৰীক অনুসৰণ কৰি আহিছে। লগতে মোডীৰ ভাষণ আৰু কাৰ্যকলাপে তেওঁৰ হৃদয় স্পৰ্শ কৰা বুলি মন্তব্য প্ৰকাশ কৰে।

Leave A Reply

Your email address will not be published.