danewsplus.com
danewsplus.com

দেশত ক্ৰমান্বয়ে হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

0 96

ডিজিটেল ডেক্সঃ দেশত ক্ৰমান্বয়ে ক’ভিড সংক্ৰমণৰ হাৰ নিম্নগামী হ’বলৈ ধৰিছে। যোৱা ছয়টা দিনৰ পিছত ভাৰতত যোৱা ২৪ ঘণ্টাত ৩০ হাজাৰতকৈ কম লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে। ১৬০ দিনত দেশত সবাতোকৈ কম সংখ্যক লোক যোৱা ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈছে।

ভাৰততকৈ ইৰাণ, ব্ৰিটেন, আমেৰিকা আৰু জাপানত অধিক লোক প্ৰতিদিনে ক’ভিডত আক্রান্ত হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সোমবাৰৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ভাৰতত ২৫ হাজাৰ ৭২ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে। আনহাতে মৃত্যু হৈছে ৩৮৯ জন ক’ভিড ৰোগীৰ।

ইফালে, যোৱা ২৪ ঘণ্টাত দেশত সুস্থ হৈ উঠিছে ৪৪ হাজাৰ ১৫৮ জন লোক। অৰ্থাৎ যোৱা ২৪ ঘণ্টাত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যাতকৈ সুস্থ হৈ উঠা লোকৰ সংখ্যা ১৯ হাজাৰ ৪৭৪ জন অধিক।

Leave A Reply

Your email address will not be published.