danewsplus.com
danewsplus.com

ফেচবুকত বিতৰ্কিত পোষ্ট কৰি AIUDF ৰ পৰা নিলম্বন ফজলুল কৰিম কাচিমি

0 139

ডিজিটেল ডেক্সঃ ছচিয়েল মিডিয়াত বিতর্কিত পোষ্ট দি দলৰ পৰা নিলম্বন AIUDF দলৰ কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সম্পাদক ফজলুল কৰিম কাচিমি। তালিবানক সমৰ্থন কৰি ফেচবুকযোগে এক পোষ্ট কৰিছিল কাচিমিয়ে। কাচিমিয়ে বিতৰ্কিত পোষ্ট কৰাত শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কাচিমিক।

কাচিমিয়ে বিতৰ্কিত পোষ্ট কৰি গ্ৰেপ্তাৰ হোৱাৰ পিছতে AIUDF দলে তাৎক্ষণিক ভাৱে দলৰ কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সম্পাদকৰ পদৰ পৰা নিলম্বন কৰিছে। লগতে কাচিমিৰ এনে কাৰ্য্য গৰিহণাৰ যোগ্য বুলি মন্তব্য প্রকাশ কৰিছে AIUDF দলৰ নেতৃবৰ্গই।

Leave A Reply

Your email address will not be published.