danewsplus.com
danewsplus.com

ৰাজ্যত পুনৰ ৬৪০জন ক’ভিডত আক্ৰান্ত

0 93

ডিজিটেল ডেক্সঃ ৰাজ্যত বৰ্তমানেও অব্যাহত আছে অতিমাৰী ক’ভিডৰ সংক্ৰমণ। যোৱা ২৪ ঘন্টাত ৰাজ্যত ৬৪০জন নতুনকৈ ক’ভিডত আক্ৰান্ত হয়। নতুনকৈ আক্ৰান্তসকলৰ ভিতৰত ১২৬জন কামৰূপ মেট্ৰ’ৰ, ৫০জন গোলাঘাটৰ, ৩৯জন বৰপেটাৰ আৰু ৩৫জন ডিব্ৰুগড়ৰ।

শেহতীয়াকৈ আক্ৰান্তসকলৰ সৈতে ৰাজ্যত এই মূহূৰ্তলৈকে ৫৮৪০৯৮জনলৈ বৃদ্ধি পাইছে অতিমাৰী ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা। ইফালে, শনিবাৰৰ দিনটোত ৬৫৮জন লোক মহামাৰীৰ কবলৰ পৰা সুস্থতা লাভ কৰে। আনহাতে, একেটা দিনতে ১৫জন লোকে মহামাৰীৰে যুঁজি প্ৰাণ হেৰুৱায়। এতিয়াও ৰাজ্যত ক’ৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৬৮৭৭জন ৰোগী।

Leave A Reply

Your email address will not be published.