danewsplus.com
danewsplus.com

লাডাখলৈ খোজকাঢ়ি যাত্ৰা এগৰাকী অসমীয়া মহিলাৰ।

0 157

কামৰূপৰ মিৰ্জাৰ এগৰাকী সাহসী মহিলা অঞ্জলি দাসৰ এক ব্যতিক্ৰমী পদক্ষেপ। মিছন ফিড ইণ্ডিয়া শ্লোগানেৰে আৰম্ভ কৰিছে পদ যাত্ৰা।

খোজকাঢ়ি লাডাখলৈ যোৱাৰ পৰিকল্পনা অঞ্জলিৰ। অঞ্জলিৰ এই সাহসী পদক্ষেপক আদৰণি জনাই গোঁসাইগাঁৱত বঙালী যুৱ ছাত্ৰ ফেডাৰেশণৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হৈছে অঞ্জলি দাসক। যোৱা ১৩ আগষ্টৰ পৰা অঞ্জলিয়ে তেওঁৰ পুত্ৰক সংগী কৰি আৰম্ভ কৰিছে তেওঁৰ এই ব্যতিক্ৰমী যাত্ৰা।
উল্লেখ্য যে খোজকঢ়া স্বাস্থ্যৰ পক্ষে কিমান ফলপ্ৰসূ তাৰ প্ৰচাৰৰ বাবে অঞ্জলিয়ে আৰম্ভ কৰিছে এই পদক্ষেপ। অঞ্জলিয়ে খোজকাঢ়ি তেওঁৰ লক্ষ্যস্থান লাডাখলৈ গৈ পাওঁতে সময়ৰ প্রয়োজন হ’ব প্ৰায় ৩ মাহ ।

Leave A Reply

Your email address will not be published.