danewsplus.com
danewsplus.com

ৰাজ্যৰ প্ৰতিখন হাইস্কুলক হায়াৰ ছেকেণ্ডেৰীলৈ উন্নীত কৰাৰ কথা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

0 176

ডিজিটেল ডেক্স: বিজেপি মিত্ৰজোঁট চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হোৱাৰ লগতে শুকুৰবাৰে অনুষ্ঠিত হ’ল কেবিনেট বৈঠক । কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ঘোষণা কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনি।

অহা বছৰৰ পৰা ৰাজ্যৰ প্ৰতিখন হাইস্কুলক হায়াৰ ছেকেণ্ডেৰীলৈ উন্নীত কৰা হ’ব বুলি মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে নৱম, দশম শ্ৰেণীলৈ ৰাজ্যৰ সকলো বিদ্যালয়তে ভূগোল আৰু বুৰঞ্জী বাধ্যতামূলক হ’ব বুলি মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

Leave A Reply

Your email address will not be published.